বিশ্ব পৰিবেশ সংৰক্ষণৰ এখন লিখনি
"Our Land. Our Future. We are Generation Restoration."আমাৰ মাটি, আমাৰ ভৱিষ্যত। আমি পুনৰুদ্ধাৰৰ প্ৰজন্ম।”
এই থিমে আমাৰ মাটিৰ স্বাস্থ্য, বনাঞ্চল আৰু জৈৱবৈচিত্ৰ্য ৰক্ষা কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছে। বিশ্বজুৰি দুৰ্গত বনাঞ্চল, শোকানী ভূমি আৰু দুষিত নদীনালাক পুনৰ জীৱন্ত কৰি তোলাটো সময়ৰ দাবী।প্ৰতি বছৰৰ দৰে এই বছৰো ৫ জুন তাৰিখে উদযাপন কৰা হৈছে বিশ্ব পৰিবেশ দিৱস, যি বিশ্ববাসীৰ বাবে এটা সজাগতা জগোৱা বিশেষ দিন। এই দিনটো কেৱল উদযাপন নহয়, বরঞ্চ এক প্ৰতিজ্ঞাৰ দিন—প্ৰকৃতিৰ প্ৰতি আমাৰ কৰ্তব্য পুনৰ স্মৰণ কৰাৰ দিন।🌱 বিশ্ব পৰিবেশ দিৱসৰ ইতিহাস যদি লুটিয়া চাও ১৯৭২ চনত Stockholm Conference on the Human Environment-ত লোৱা সিদ্ধান্ত অনুসৰি, ১৯৭৪ চনৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল বিশ্ব পৰিবেশ দিৱস। ই এটা জাতিসংঘৰ উদ্যোগ, যাৰ লক্ষ্য হৈছে—সামাজিক, ৰাজনৈতিক আৰু ব্যক্তিগত স্তৰত পৰিবেশ সংৰক্ষণৰ বাবে পদক্ষেপ লোৱাটো।🌱এই দিৱসত কেৱল শপত গ্ৰহণ কৰাটো যথেষ্ট নহয়। আমাৰ প্ৰত্যেকৰ জীৱনত সৰু সৰু পৰিবৰ্তন হ’লেও, সেয়াই বৃহৎ প্ৰকৃতিৰ বাবে উপকাৰী হব
গছ ৰোপন কৰক
প্লাষ্টিকৰ ব্যৱহাৰ সীমিত কৰক
পৰ্যাপ্ত পানী সংৰক্ষণ কৰক
সজাগতা বৃদ্ধি কৰক
আমাৰ পৰিৱেশ সুস্থ থাকিলে, আমি আৰু নতুন প্ৰজন্মই বাচি থাকিব ।
বিশ্ব পৰিবেশ দিৱস কেৱল এটি দিৱস নহয়—ই হৈছে সজাগতাৰে জীৱন যাপনৰ পথ। আমি যেতিয়া গছ এটাৰ ছাঁত বহোঁ, সুস্থ বায়ু শ্বাস লওঁ, নিৰ্মল পানী পান কৰোঁ—সেইবোৰ সকলোতে পৰিবেশৰ অবদান থাকে।তেওঁক সন্মান জনাওঁ, যি নিঃশব্দে আমাক জীয়াই ৰাখিছে।
সেয়ে আহক, আমি সকলোৱে মিলি আজি পৰাই সজাগ হওঁ—প্ৰকৃতিৰ সংৰক্ষক হোৱাৰ দায়িত্ব লওঁ।
Comments
Post a Comment