ঠিকনা বিচাৰি


"ভগৱানৰ ঠিকনা বিচাৰি 

 "কেতিয়াবা আমি জানো গম পাও" ক'লৈ যাওঁ, কি কৰো  কেনেকৈ থাকো । থাকে মাথোঁ আশা। এনে সময়তে হৃদয়ৰ গভীৰতাৰে ওলাই আহে এটি বাক্য: "মোৰ হাতত নিজৰ ঠিকনা নাই, এয়া ঠিকনা ভগৱানৰ ওপৰত।" এই বাক্যটো এক আত্মসমৰ্পণ, এক বিশ্বাসৰ প্রতীক।আধুনিক যুগত সকলো মানুহে নিজৰ বাবে এটি নিৰ্দিষ্ট পথ বিচাৰে—চাকৰি, ঘৰ, পৰিয়াল, সফলতা সেই সকলোবোৰ। আমাৰ হাতত থাকে মাথোঁ লক্ষ্যৰ তালিকা। কিন্তু সমাজৰ মাজতো বহুদিনে আমি অনুভৱ কৰোঁ—এই সকলোতে কিবা এটা অভাব। ঠিকনাটো যেন আছে, কিন্তু গন্তব্যটো নাই।এই ঠিকনাৰ অনুপস্থিতিতেই জন্ম লয় এক সঁচা আধ্যাত্মিক যাত্ৰা। যেতিয়া আমি কোন দিশত গৈছো  তাৰেই নিশ্চিততা নাপাওঁ, তেতিয়াই আমি ঈশ্বৰৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব। এই বিশ্বাসৰ ঠাইটো—যি ঠাইত আমি ক'ব পাৰো, “ভগৱান, মই তোমাৰ ওপৰত বিশ্বাস কৰিছো”—সেয়েই জীৱনৰ আটাইতকৈ শক্তিশালী স্থান।

এই বাক্যটো মোৰ বাবে মাথোঁ আধ্যাত্মিক চিন্তা নহয়; ই হৈছে এক প্ৰত্যাহ্বান—নিজকে প্ৰতিষ্ঠা কৰাৰ লক্ষ্য। নিয়ন্ত্ৰণ আঁতৰোৱা, আৰু ঈশ্বৰৰ ওপৰত পৰিপূৰ্ণ বিশ্বাস ৰাখি আগুৱাই যাবলৈ সাহস কৰিবলৈ।জীৱনৰ বহু দিশতে ঠিকনাবিহীন হৈ থকাৰ অনুভৱ উঠে—কেতিয়াবা যুৱ অৱস্থাত, কেতিয়াবা জীয়াই থকাৰ উদ্দেশ্য বিচাৰি। কিন্তু এই ‘ঠিকনাহীনতা’য়ে আমি ঈশ্বৰৰ ঠিকনালৈ মুখ মেলি চাও। যেনিবা ঠিকনাটো মোৰ হাতত নাথাকে, কিন্তু যি ঠাইলৈ যোৱাৰ কথা, তাৰ দিশটো ঠিক কৰি ৰাখিছে কোনোবাই। আমি মাথোঁ আগুৱাই যাব লাগে বিশ্বাসৰ আৰত । এই বিশ্বাসেই আমাৰ অজ্ঞাত যাত্ৰাটোকো আশীৰ্বাদময় কৰি তোলে।জীৱনৰ পথটো সদায় সৰল নহয়। কেতিয়াবা হেৰুব যেন লাগে , কেতিয়াবা থমকি ৰৈ থাকিবলগীয়া হয়। কিন্তু যদি মনত ৰাখোঁ যি ঠিকনা মোৰ হাতত নাই । সেইটো ভগৱানৰ হাতত । তেন্তে এক আশ্বাস অনুভৱ হয়। তেওঁ আমাৰ জীৱনৰ নক্সাখন আঁকে । আৰু আমি মাথোঁ সেই আঁচনি অনুসৰণ কৰো। আৰু এই বিশ্বাসেৰে আগবাঢ়ো আহক । নিজৰ লক্ষ্য, নিজৰ ঠিকনা, নিজৰ ভবিষ্যত গঢ়ো । সকলোৱে যি হাতত সঁপিছোঁ সেই হাতখন সাদৃশ্য হলেও সৰ্বশক্তিমান । তেওঁ যানে আমি কলৈ যাওঁ কি কৰো আৰু কেনেকৈনো থাকো ।

---- আৰু এই বিশ্বাসৰ মাজতেই লুকাই থাকে জীৱনৰ সঁচা শান্তি।



Comments

Popular posts from this blog

শান্তিৰ প্ৰতিষ্ঠা

ল'ৰালী কালৰ কথা

নতুনত্ব আদৰাৰ সময়