এজনি কোমল ছোৱালীৰ মনস্পৰ্শী দৃশ্য
— এজনি কোমল ছোৱালীৰ মনস্পৰ্শী দৃশ্য
পৃথিৱীত সকলোবোৰ সৌন্দৰ্যৰ মাজত মানুহৰ চকুৱেই যেন সৃষ্টিৰ আটাইতকৈ অপূৰ্ব সৃষ্টি। চকুতেই লুকাই থাকে অনুভৱৰ ভাষা, হৃদয়ৰ কথা, আৰু অতল গভীৰতাৰ ৰহস্য। এনে এক চকুৰ সন্ধান পোৱা গৈছিল এটা গাঁৱৰ কোমলিয়া ছোৱালীৰ চকুত—যাৰ চকুৱে যেন বহন কৰিছিল বসন্তৰ মৃদু বতাহ, ফুলৰ কোমলতা, আৰু ময়োৰ পখিৰ অপূৰ্ব দীপ্তি।ময়োৰ পখি যিয়ে নিজৰ পাখিৰে বৃষ্টিৰ নৃত্যত আনন্দেৰে মাতে পৃথিৱীক—তাৰ প্ৰতিটো পাখিত ৰঙৰ যি নিখুঁত সংহতি দেখা যায়, ঠিক তেনেকুৱা সংহতি পোৱা গৈছিল তেজৰঙা পটভূমিত গঢ়ি উঠা ছোৱালীজনীৰ চকুত। চাঁওতেই মন মুগ্ধ কৰে । সেই চকুৰ তলত যেন লুকাই আছে হাজাৰ সপোন আৰু অলেখ অজান অনুভৱ।
চকুৰ পাতল উপত্যকাত বিলাই পৰে দীঘল নোমৰ ছাঁ, যেন কোনো সৃষ্টিকৰ্তাৰ তুলিত আঁকা নিখুঁত ৰেখা। আৰু তাৰ ভিতৰত যি দীপ্তি, সেইটো ময়োৰ পখিৰ সূক্ষ্ম চকমক দৰে—সুখ-দুখৰ এক বৈচিত্র্যময় সংমিশ্ৰণ।
ময়োৰ পখি যিমানেই নতুন ৰূপত সজোৱা হওক, তাৰ পাখিৰ চিক-মিক কেতিয়াও একে ধৰণৰ নহয়। ঠিক তেনেদৰে সেই ছোৱালীৰ চকুৰ দীপ্তিও পৰিৱর্তনশীল ।—এবাৰ হাঁহিত সেউজীয়া তৰলতা, এবাৰ চিন্তাত গাঢ় নীল গভীৰতা। অনুভৱৰ ৰঙবোৰে যিয়ে পৰি থাকে তাৰ চকুত, সেইবোৰে মনত দিয়ে এক অপূৰ্ব অনুভূতি—যেন বসন্তৰ জোনাকিত ময়োৰে চকু মেলি চাই আছে আকাশত।
এইদৰে এজনি সৰল, নিৰীহ ছোৱালীৰ চকুত দেখা পোৱা যায় সৃষ্টিৰ নিখুঁত ৰূপ—ময়োৰ পখিৰ সান্নিধ্যত জন্ম লোৱা এক সপোনৰ প্ৰতিচ্ছবি।
Comments
Post a Comment